Assamese Quotes

100+ Assamese Quotes Images – Sad Funny Romantic Love Assamese Quotes

100+ Assamese Quotes Images – Sad Funny Romantic Love Assamese Quotes:

“প্ৰেম সকলোৱে কৰে,
কিন্তু সকলোৱে জানো সেই প্ৰেম প্ৰাপ্ত কৰিব পাৰে..?
নোৱাৰে,কাৰণ প্ৰেম কোনো প্ৰাপ্তিৰ নাম ন’হয়.ই কেবল এটি পবিত্ৰ অনুভুতি যাক নাপালেও ,
তাৰ প্ৰতিটো মধুৰ স্মৃতিয়ে আমাক জীয়াই ৰাখে..” – Himakshi Devi

এনেয়ে জানোঁ মনে মনে আছো,
কিবা এটা মইও নিশ্চয় সহ্য কৰিছোঁ ।
-Piku Sarma

উৰি গুচি যাম এবুকু হেঁপাহ লৈ
বহু দূৰলৈ
আৰু তুমি ???
এবাৰো ঘূৰি নাচাবা নে
তোমাৰ সোণবৰণীয়া চুলিকোচা মেলি ???
এবাৰ জানো উছুপি নুঠিবা…?
কঁপা কঁপা ওঁঠেৰে ক’বা নে মোক
আৰু মাত্ৰ এটা ক্ষণ ৰৈ যোৱা বুলি
সঁচাকৈ উৰি যাম এবুকু সপোন লৈ
বহু দূৰলৈ

সকলোকে জনাম আমাৰ কথা
কলিজাৰ পাতত তোমাৰ ঠিকনা লিখি
যদি এবাৰ সহাৰি দিয়
বুজায় মোৰ বুকুৰ ব্যথা।

হয় জীৱনত
আগবাঢ়িব লাগে,
কিন্তু কাৰোবাক লগত লৈ।
আৰু মই
আগবাঢ়িব খোজোঁ
তোক লগত লৈ❤❤
-Roktim Saikia

শৰতৰ শেৱালী ফুটা নিয়ৰৰ টোপাল তুমি!
জোনাকৰ অভ্ৰান্ত পোহৰত জিলিকি উঠিলা অবিকল।
শেৱালী ফুলৰ পাতৰ দৰে মই
ঢালি থলোঁ তোমাৰ মৰমৰ অনাবিল সৌন্দৰ্য্যত।

অভিমানবোৰ অলপ কমকৈ কৰিবি চোন!!
বাৰে বাৰে তোৰ অভিমান ভৰা, ৰঙা মুখখনিৰ প্ৰেমত পৰো,
খং মিশ্ৰিত দুচকুৰ চাৱনিত বাৰে বাৰে ডুবি যাওঁ তোৰ প্ৰেমত!
উফ্!!
সঁচাই কৈছো, অভিমান কমকৈ কৰিবি!!

ভালপাইছিলো বতাহ, বৰষুণ আৰু মুক্ত আকাশ,
তই ভালপাৱ বাবেই!!
পিছে, আজি তই তই লগা অনুভৱ নাই বতাহত,
বৰষুণজাকৰ সেই মাদকতাও হেৰালে,
আৰু আকাশতো কলীয়া ডাৱৰৰ আৱৰণ!
তই যোৱাৰে পৰা মাত্ৰ হেৰুৱাইছো,
ক্ৰমশ: উদং হৃদয়, উকা পৃথিৱী!

তোৰ খং উঠি থকা মুখখনৰ মাজত মোৰলৈ থকা মৰমবোৰ দেখি ভাল লাগে ।
লুকাই চুৰ কৰি তোৰ চকুলৈ চাই লাজ কৰি ভাল লাগে।
মনটো আলফুল হৈ উঠে তোৰ হাঁহিটো দেখিলে ।
নিজক বতাহত এৰি দিম যেন লাগে

নিশাৰ নিসংগতাই বহু
কথাই শিকাই থৈ যাই ।

অই ছোৱালীজনী…..আহিবাচোন তুমি মোৰ বুকুলৈ এজাক মাত্ৰ বৰষুণ হৈ ৷
আচলতে কি জানা ? বহুত মন গৈ আছে তোমাৰ বুকুৰ মাজত সোমাই বৰষুণত তিতাৰ মাদকতা লবলৈ ৷

কলিজাৰ পাতত তোমাৰ ঠিকনা লিখি
সকলোকে জনাম আমাৰ কথা
যদি এবাৰ সহাৰি দিয়া
বুজায় মোৰ বুকুৰ ব্যথা।

তই মোৰ লগত থকা সময়কণ ৰামধেনুৰ দৰে মোৰ মনটো ৰঙীন হৈ উঠে
তোৰ লগত কথা পাতি থকা সময়ছোৱাত মোৰ চাৰিওফালে ৰঙা নীলা পখিলা উৰি থকা যেন লাগে
আৰু তই নথকা সময়কণত তোৰ ফটোবোৰ চাই মোৰ মুখখন জোনাকৰ দৰে পোহৰাই তোলোঁ

সপোনবোৰ ভাঙি যায় কোনেও নজনা কৈ ..
হৃদয় খন ভাঙি যায় মৰম নোপোৱা কৈ..

মোৰ দেউতাই ও মোক বহুত ভাল পাই,
ঠিক তোমাৰ দেউতাই তোমাক ভাল পোৱাৰ দৰেই।
কিন্তু কেতিয়াও প্ৰকাশ নকৰে বা কৰিবও নিবিচাৰে।
সেইকাৰণেই কিজানি মই টোপনি যোৱাৰ পিছত
মোৰ কাষতে শুই কেতিয়াবা মূৰত হাত বুলাই,
কেতিয়াবা কপালত চুমা খাই আৰু
নিজকে নিজেই কয়,” চা,এইটো মোৰ লৰা কিমান ডাঙৰ হল ।”

অই কাৰোবাৰ হাহিঁ দেখিলে যেতিয়া নিজৰ দুখ বোৰ পাহৰি মুখত হাহিঁ বিৰিঙে তাক তুমি কি কব‍া
যাৰ চকুলে মাথো এবাৰ চোৱাৰ হেঁপাহেৰে Department ৰ কাষৰে নিজৰ cls ক্ষতি কৰি যোৱাক তুমি কি কব‍া
যাক দেখিলে মনটো থৌকি বাথৌ লাগে কি কম কি নকম কৈ কিবা কলে যে খেলিমেলি লাগে তাক তুমি কি কব‍া
” মোৰ স্বপ্ননীল আকাশৰ তুমি য়ে জোনাক ” বুলি ভাৱা মোৰ মনটোক কি কবা
যাক দেখিলেই মনত সন্মানৰ লগতে গঢ় লৈ উঠে কিছু সপোন
সেই সপোন বোৰ পূৰ কৰা অাশা ক তুমি কি কবা
হয়টো তুমি নিৰোওৰ
দিশহাৰা হোৱা “মই ” নামৰ
অবুজ সমীৰ জাকক তুমি দিশ নিৰ্নয় কৰি দিবা জানো
প্ৰেমৰ সংজ্ঞা কি নাজানো
কিন্ত মোৰ বাবে প্ৰেম মানে তুমি তুমি মানে প্ৰেম

অসীম নীলাৰ মাজত নিস্তব্ধতা আৰু কাষত থিয় দি আছে বাৰিষা ৰাতিৰ জোনাক।
ধুমুহাত বিধস্ত এটা ৰাতি আৰু তাৰ ভয়ংকৰ আৰ্তনাদ ।
অকলে অকলে হেৰাই যাও ধুমুহাৰ ছায়াত ।
ডুবিব ধৰা বেলিটোক
ধৰি ৰখাৰ মিছা প্ৰয়াস !
নিজক চাওঁ বুলি খেপিয়াওঁতে
এন্ধাৰ হ’ল ।।

পৃথিৱীৰ প্ৰতিজন মানুহে সুন্দৰ ,
মাথোঁ অসুন্দৰ হল মানুহৰ মনবোৰ ।

ভাঙি পৰি যাবই যে নোৱাৰো,
ভাঙি পৰাহেতেন চাগে মইও আজি এটি সঁচা সপোন হিচাপে পিঞ্জৰাৱদ্ধ হলোঁহেঁতেন ।।

মোৰ নিৰব মনে আচলতে বহু কথা কয়…..
কেৱল শুনিবলৈ আৰু বুজিবলৈহে কোনো নাই…
লগ আছে বহুত, মাত্ৰ সংগ দিবলৈহে কোনো নাই….
অনুভৱ কৰিছো এতিয়া নিসংগতা কি….

অন্ততঃ যেতিয়া লৈকৈ জীয়াই থাকোঁ
তোৰ জীৱনৰ সময়বোৰ ইমানেই ৰঙীন কৰিব বিচাৰোঁ যে…..
মই নোহোৱা সময়তো সেই ৰঙবোৰে তোক ৰঙীন কৰি তোলে চিৰদিনৰ বাবে

তিবোৰ কেতিয়াওঁ হেৰাই নাযায়…
মাথোঁ মানুহবোৰ সলনি হৈ যায় সময়ৰ সোঁতত…..

সেই মা জনীক কেতিয়াও নকন্দুৱাবা
যিয়ে তোমাৰ সুখৰ কাৰণে সকলো কৰিব চেষ্টা কৰে ।

এক প্ৰয়োজনিয়তা সদায় লুকাই থাকে
যিয়ে কৈ মোক অকলে থাকিব দিয়া।

মোৰ প্ৰশংসায়ে কৰা বা বদনাম কৰা
যিয়ে কৰা মনে মনে নহয়
সকলোয়ে জানা কৈ কৰা ।

টোপনি আহে বা নাহে চাকিটি নুমাই থবা
কিয়নো এনেকৈ গোটেই ৰাতি কোনোবা জ্বলি থকাটো
মই দেখিব নোৱাৰো ।

এজনী তুমি যিয়ে একো নোকোৱা আৰু
আনহাতে তোমাৰ স্মৃতিবোৰ যিবোৰে মনে মনে নাথাকে ।।

সেমেকা বতৰটো তই তই
লগা অনুভৱ বোৰে বুকুত
লুকা-ভাকু খেলে
ঐ অভিমান বোৰ অলপ
কম কৈ কৰিবি চোন
মৰম বোৰ অন্তৰত
আলফুল হৈ উঠে…!!

তাই মোক সুধিছিল . . .
কেতিয়াবা ৰাতিৰ আকাশত জোনটো চাই পাইছানে ?
মই কৈছিলো , মইতো সদায় হাঁহি থকা জোনটো দেখোঁ ।
তাই সুধিছিল , ক’ত কেনেকৈ ?
মই কৈছিলো , তোমাৰ মুখত আকৌ ।
জোনটি ডাৱৰত লুকুৱাৰ দৰে তায়ো লাজ কৰি লুকাই দিছিল মোৰ বুকুৰ মাজত

নিজম পদূলি নিস্তব্ধ গধূলি প্ৰকৃতিৰ মাজত তোমাৰ স্মৃতি
ৰাঙলী বেলিয়ে দূৰৰ পৰাই ৰিঙিয়াই আহ চোন কথা পাতো বুলি

নিজম পদূলি নিস্তব্ধ গধূলি প্ৰকৃতিৰ মাজত তোমাৰ স্মৃতি
ৰাঙলী বেলিয়ে দূৰৰ পৰাই ৰিঙিয়াই আহ চোন কথা পাতো বুলি

শীতল বতাহ ছাটিয়ে বৰষুণ জাকক উৰুৱাই নিব খোজে…!!
পাগল মনটোয়ে ধৰি ৰাখি কয়….!!
নাযাবি এতিয়াতো তাই তোৰ নহয়
নাকতে খংটো থকা ছোৱালী জনী

নিজান ৰাতি কিনকিনিয়া বৰষুণজাকৰ মাজত
অকলশৰে মই আৰু তোৰ স্মৃতি এতিয়া সংগী মাথো মোৰ
জ্বলি যোৱা চিগাৰেটৰ উৰি যোৱা ধোঁৱাখিনি….

জীয়াই থাকিবলৈ তাই প্ৰেৰণা যোগালে,
সুখী হৈ থাকিবলৈ তাই প্ৰাৰ্থনা কৰিলে,
হে ভগবান, তুমি তাইক সকলো দিবা,
যিয়ে মোক তাইৰ অন্তৰত ঠাই দিলে।

Assamese Quotes Images

assamese quotes
assamese quotes
assamese quotes
assamese quotes
                                    

Leave a Comment